সৰু বস্তু
সৰু বস্তু
কবি: বিনন্দ চন্দ্ৰ বৰুৱা
এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি
ভৰি গ'ল বহল সাগৰ,
কণ কণ বালি চাঁহি ইটে সিটে লগ লাগি
সাজি দিলে ধৰণী ডাঙৰ।
পল অনুপল কৰি ডাঁৰ দিন মাহ চৰি
যুগ যুগ পাৰ হৈ যায়,
এটি দুটি কৰি গঁথা মৰমৰ মাত কথা
জগতক সৰগ কৰায়।
অকল সুখেৰে ভৰা নহয় জানিবা ধৰা
দুখো আছে সুখৰ লগত,
এটি মাথোঁ হাঁহি সৰি জগত পোহৰ কৰি
সুখে ভৰা কৰিছে মৰত।
______________________________________________
সংকলন: পুৰুষোত্তম পোখ্ৰেল
https://www.lifefeeling.in/21-lessons-for-the-21st-century-hindi-pdf-download/
..
टिप्पणियाँ
एक टिप्पणी भेजें