ধূলিকণা মই
ধূলিকণা মই
কবি:-- চন্দ্রধৰ বৰুৱা
যিদিনা মৰিম মই সেইদিনা বাৰু
জগতৰ কেনি হানি হ’ব ?
মৰিলোঁ নে আছোঁ মই এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?
মই মৰিলেও দিন গ’লে ৰাতি হ’ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল বতাহ বলিব,
নিজ বাটে নক্ষত্র ঘূৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব ।
অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।
__________________________________________________
সংকলন: পুৰুষোত্তম পোখ্ৰেল
..
टिप्पणियाँ
एक टिप्पणी भेजें